মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ কৰ্মচাৰী বিভাগ অসম প্ৰশাসনিক ন্যায়াধিকৰণ

নিয়ম-কানুন জাৰি কৰিবৰ ক্ষমতা

নিয়ম জাৰি কৰিবৰ ক্ষমতা

১) ৰাজ্য চৰকাৰে, চৰকাৰী বিজ্ঞপ্তিত থকা অধিসূচনা অনুসৰি , এই আইনৰ কাৰ্যকৰী কৰিবৰ বাবে বিধি প্ৰণয়ন কৰিব পাৰে।

২) এই শাখাৰ অধীনৰ নীতি সমূহ বিধানসভা আৰম্ভ হোৱাৰ অতি কমেও ১৪ দিনৰ আগেয়ে বনাব লাগিব আৰু এই নীতি সমূহ বিধানসভাই সলনি কৰি প্ৰয়োজন সাপেক্ষে আৰু যদি দৰকাৰ হয় সলনি কৰিব পাৰে।

লিখিত আইন জাৰি কৰিবৰ ক্ষমতা:

১) চৰকাৰৰ পূৰ্ব অনুমোদন সাপেক্ষে ন্যায়াধিকৰণে আইনসমূহৰ বিধানসমূহ সলনি কৰিব পাৰে আৰু এই বিধানসমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ন্যায়াধিকৰণৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰাও ক্ষমতা আছে।

২) তৈয়াৰ হোৱা লিখিত বিধানসমূহ অসম গেজেটত উপস্থাপন কৰা।