মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ কৰ্মচাৰী বিভাগ অসম প্ৰশাসনিক ন্যায়াধিকৰণ

অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ ওচৰত আবেদন পত্ৰ দাখিলকৰণ

  • মূল বিষয়:

    • আবেদন পত্ৰ দাখিল কৰিবৰ বাবে ব্যক্তিগৰাকী এগৰাকী অসামৰিক সেৱা বিষয়া হ’ব লাগিব।
    • আবেদন পত্ৰ যিকোনো চৰ্ত সাপেক্ষে এক উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা সন্মতি প্ৰাপ্ত হ’ব লাগিব।
    • চৰ্তসমূহে নিযুক্তি, জ্যেষ্ঠতা, অনুমোদন, এজন চৰকাৰী সেৱকৰ চাকৰিৰ অৱসান, অনুযোগ, বেতন বৃদ্ধি আৰু পদোন্নতি বন্ধ, গ্ৰেড বা পদ সকলোবোৰ সামৰি লয়।
    • আইনৰ মতে চিভিল সেৱাৰ অন্তভুক্ত নোহোৱা কোনো সেৱাক প্ৰয়োজন সাপেক্ষে আইনৰ অন্তৰ্ভুক্ত কৰিব পৰা যায়।
    • তলত উল্লেখ কৰা অনুসূচী-১ ৰ পৰা ফৰ্ম-১ খন ৰেজিষ্ট্ৰাৰৰ ওচৰত জমা দিয়াটো বাধ্যতামূলক।

    অৱলোকন

    নিজৰ কৰ্মক্ষেত্ৰত পীড়িত যিকোনো চৰকাৰী সেৱকে কৰ্তৃপক্ষৰ দ্বাৰা যিকোনো আদেশৰ বিৰুদ্ধে অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ ওচৰত আপিল জাৰি কৰিব পাৰে।

    প্ৰক্ৰিয়া প্ৰবাহ

    ১) আপীলৰ স্মাৰকলিপি এখন আপীলকাৰী বা তেওঁৰ অনুমোদিত প্ৰতিনিধিৰ দ্বাৰা বা তেওঁৰ উকীলৰ দ্বাৰা কাৰ্যালয় খোলা থকা সময়ত মূখ্য কাৰ্যালয়ত জমা দিব লাগে।

    ২) স্মাৰকলিপি খনৰ এটা কপি পোষ্টৰ দ্বাৰা আপীল জাৰি কৰা দিনাই ৰেজিষ্ট্ৰাৰৰ ওচৰত জমা দিয়াটো বাধ্যতামূলক।

    অৰ্হতা

    • ১) আইনত উল্লেখ কৰা চৰ্তসমূহ পূৰণ কৰা চৰকাৰী কৰ্মচাৰীয়েহে ন্যাধিকৰণৰ ওচৰত আপিল জাৰি কৰিব পাৰে।
    • ২) অসমৰ অসামৰিক কৰ্মচাৰী মানে জল, স্থল আৰু বায়ু সেনা বাহিনীৰ সেৱকসকলক বাদ দি ধৰা হয়।

    প্ৰয়োজনীয় নথি-পত্ৰ

    ১) আপীলৰ এটা চাৰ্টিফাইড কপি।

    ২) যদি আপীলকাৰীয়ে কোনো ব্যক্তিগত কাৰণত ওপ্ৰত উল্লিখিত নথি-পত্ৰৰ এটা কপি প্ৰদান কৰিব নোৱাৰে, তেন্তে তেওঁ কাৰণৰ বৰ্ণনাসহ এখন শপথনামা প্ৰদান কৰিব লাগিব।

    ৩) দৰকাৰী নথি-পত্ৰ সমূহৰ একো একোটা কপি।

    আপিলৰ স্মাৰকলিপি খন সকলোবোৰ নথি-পত্ৰৰ সৈতে আপীলকাৰীয়ে ৰেজিষ্ট্ৰাৰৰ ওচৰত জমাদিব লাগিব। তাৰোপৰি:

    ক) ন্যায়াধিকৰণৰ ওচৰত ইয়াৰ তিনিটা কপি জমা দিব লাগিব।

    খ) যিমানজন বিৰোধী থাকে, সকলোৰে বাবে একোটাকৈ কপি।

    দৰকাৰী সময়সীমা

    ন্যায়াধিকৰণৰ ওচৰত আপিল জাৰি কৰাৰ এক নিৰ্দিষ্ট সময় থাকে। তদুপৰি আপিল জাৰি কৰাৰ ৬০ দিনৰ ভিতৰত ন্যায়াধিকৰণৰ দ্বাৰা ইয়াৰ সমাধান দিয়াটো বাধ্যতামূলক। কিন্তু, যদি ন্যায়াধিকৰণৰ মতে আপিলকাৰী জন নিৰ্দোষী হয়, তেন্তে ন্যায়াধিকৰণে ৬০ দিনৰ পিছতো নিজৰ সিদ্ধান্ত জাৰি কৰিব পাৰে।

    কিদৰে আবেদন কৰিব

    ১) আপীলৰ স্মাৰকলিপি এখন আপীলকাৰী বা তেওঁৰ অনুমোদিত প্ৰতিনিধিৰ দ্বাৰা বা তেওঁৰ উকীলৰ দ্বাৰা কাৰ্যালয় খোলা থকা সময়ত মূখ্য কাৰ্যালয়ত জমা দিব লাগে।

    ২) স্মাৰকলিপি খনৰ এটা কপি পোষ্টৰ দ্বাৰা আপীল জাৰি কৰা দিনাই ৰেজিষ্ট্ৰাৰৰ ওচৰত জমা দিয়াটো বাধ্যতামূলক।

    সেৱাৰ প্ৰকাৰ

    অফলাইন: হয়

    পূৰণ কৰিব লগীয়া প্ৰ-পত্ৰ

    অনুসূচী-১প্ৰ-পত্ৰ-১ডাউনলোড

    কাক যোগাযোগ কৰিব

    নাম: শ্ৰীমতী অনুৰূপা বৰুৱা, এচিএছ
    পদ: ৰেজিষ্ট্ৰাৰ
    ইমেইল: abarua_acsem07@yahoo.com
    দূৰভাষ: ৯৮৫৯৯১৩৭৮৭
    ঠিকনা: অসম প্ৰশাসনিক ন্যায়াধিকৰণ,
    মেঘদূত ভৱনৰ বিপৰীতে
    পান বজাৰ,
    গুৱাহাটী-৭৮১০০১
    অসম