মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ কৰ্মচাৰী বিভাগ অসম প্ৰশাসনিক ন্যায়াধিকৰণ

ন্যায়াধিকৰণৰ কাৰ্যপ্ৰণালী আৰু আদেশ

ন্যায়াধিকৰণৰ কাৰ্যপ্ৰণালী

ন্যায়াধিকৰণৰ দ্বাৰা নিৰ্মিত সকলোধৰণৰ আইন-কানুনৰ ওপৰত ন্যায়াধিকৰণৰ অধিকাৰ থাকিব আৰু আইনসমূহত যদি কোনো ধৰণৰ সাল-সলনি থাকে, তেন্তে ন্যায়াধিকৰণে বিধানসমূহ সলনি কৰাৰ অধিকাৰ আছে।

আপীলসমূহ ন্যায়াধিকৰণৰ অন্ততঃ দুজন অধিকাৰীৰ দ্বাৰা নিৰীক্ষণ কৰা হ’ব লাগিব।

ন্যায়াধিকৰণৰ আদেশসমূহ, নিৰ্ণয়সমূহ সংখ্যাগৰিষ্ঠতাৰ ওপৰত নিৰ্ভৰ কৰি চূড়ান্ত কৰা হয়। যদি সংখ্যাগৰিষ্ঠতা সমান সমান হয়, তেন্তে অন্তিম সময়ত উপস্থিত হোৱা সদস্যৰ ভোটৰ আধাৰত যিকোনো আদেশ বা সিদ্ধান্ত চূড়ান্তকৰণ কৰা হয়।

ন্যায়াধিকৰণৰ ওচৰত সকলোধৰণৰ আদেশ, ঘোষণা সলনি বা পৰিৱৰ্তন কৰাৰ ক্ষমতা থাকে।

ন্যায়াধিকৰণে কোনো ক্ষেত্ৰতে অন্য কোনো চিভিল কোৰ্ট, কৰ্তৃপক্ষৰ তলতীয়া নহয় আৰু যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ন্যায়াধিকৰণে নিৰপেক্ষতা অৱলম্বন কৰে। কোনো পৰিস্থিতিতে ন্যায়াধিকৰণৰ আদেশ বা সিদ্ধান্ত কোনো ব্যক্তিবিশেষৰ বাবে সলনি কৰ নহয়।

ন্যায়াধিকৰণৰ আদেশ তথা সিদ্ধান্তসমূহ ন্যায়াধিকৰণৰ বাবে থিৰাং কৰা সময়ৰ ভিতৰত প্ৰদান কৰা হয়।