নিজৰ কৰ্মক্ষেত্ৰত পীড়িত যিকোনো চৰকাৰী সেৱকে কৰ্তৃপক্ষৰ দ্বাৰা যিকোনো আদেশৰ বিৰুদ্ধে অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ ওচৰত আপিল জাৰি কৰিব পাৰে।
১) আপীলৰ স্মাৰকলিপি এখন আপীলকাৰী বা তেওঁৰ অনুমোদিত প্ৰতিনিধিৰ দ্বাৰা বা তেওঁৰ উকীলৰ দ্বাৰা কাৰ্যালয় খোলা থকা সময়ত মূখ্য কাৰ্যালয়ত জমা দিব লাগে।
২) স্মাৰকলিপি খনৰ এটা কপি পোষ্টৰ দ্বাৰা আপীল জাৰি কৰা দিনাই ৰেজিষ্ট্ৰাৰৰ ওচৰত জমা দিয়াটো বাধ্যতামূলক।
১) আপীলৰ এটা চাৰ্টিফাইড কপি।
২) যদি আপীলকাৰীয়ে কোনো ব্যক্তিগত কাৰণত ওপ্ৰত উল্লিখিত নথি-পত্ৰৰ এটা কপি প্ৰদান কৰিব নোৱাৰে, তেন্তে তেওঁ কাৰণৰ বৰ্ণনাসহ এখন শপথনামা প্ৰদান কৰিব লাগিব।
৩) দৰকাৰী নথি-পত্ৰ সমূহৰ একো একোটা কপি।
আপিলৰ স্মাৰকলিপি খন সকলোবোৰ নথি-পত্ৰৰ সৈতে আপীলকাৰীয়ে ৰেজিষ্ট্ৰাৰৰ ওচৰত জমাদিব লাগিব। তাৰোপৰি:
ক) ন্যায়াধিকৰণৰ ওচৰত ইয়াৰ তিনিটা কপি জমা দিব লাগিব।
খ) যিমানজন বিৰোধী থাকে, সকলোৰে বাবে একোটাকৈ কপি।
ন্যায়াধিকৰণৰ ওচৰত আপিল জাৰি কৰাৰ এক নিৰ্দিষ্ট সময় থাকে। তদুপৰি আপিল জাৰি কৰাৰ ৬০ দিনৰ ভিতৰত ন্যায়াধিকৰণৰ দ্বাৰা ইয়াৰ সমাধান দিয়াটো বাধ্যতামূলক। কিন্তু, যদি ন্যায়াধিকৰণৰ মতে আপিলকাৰী জন নিৰ্দোষী হয়, তেন্তে ন্যায়াধিকৰণে ৬০ দিনৰ পিছতো নিজৰ সিদ্ধান্ত জাৰি কৰিব পাৰে।
১) আপীলৰ স্মাৰকলিপি এখন আপীলকাৰী বা তেওঁৰ অনুমোদিত প্ৰতিনিধিৰ দ্বাৰা বা তেওঁৰ উকীলৰ দ্বাৰা কাৰ্যালয় খোলা থকা সময়ত মূখ্য কাৰ্যালয়ত জমা দিব লাগে।
২) স্মাৰকলিপি খনৰ এটা কপি পোষ্টৰ দ্বাৰা আপীল জাৰি কৰা দিনাই ৰেজিষ্ট্ৰাৰৰ ওচৰত জমা দিয়াটো বাধ্যতামূলক।
অফলাইন: হয়
অনুসূচী-১ | প্ৰ-পত্ৰ-১ | ডাউনলোড |
নাম: শ্ৰীমতী অনুৰূপা বৰুৱা, এচিএছ
পদ: ৰেজিষ্ট্ৰাৰ
ইমেইল: abarua_acsem07@yahoo.com
দূৰভাষ: ৯৮৫৯৯১৩৭৮৭
ঠিকনা: অসম প্ৰশাসনিক ন্যায়াধিকৰণ,
মেঘদূত ভৱনৰ বিপৰীতে
পান বজাৰ,
গুৱাহাটী-৭৮১০০১
অসম